পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
৺শঙ্কৰদেৱ।

কৃতাঞ্জলি কৰি আসনৰ উঠিলন্ত।
গুৰু মানি শঙ্কৰত শৰণ লৈলন্ত॥ ২৪৪
সাধূ সাধু মাধৱক প্ৰশংসা কৰিলা।
দুই হাতে আশ্বাসিয়া শঙ্কৰে তুলিলা॥
উঠিয়ো মাধৱ তুমি বসিয়ো আসনে।
তোমাৰ কথাত বৰ তুষ্ট ভৈলোঁ। মনে॥ ২৪৫
অনন্তৰে ৰামদাসো লৈলন্ত শৰণ।
অন্যো অন্যে কৃষ্ণকথা কৰি সম্ভাষণ॥
দিলন্ত তাম্বুল সবে ৰঙ্গে ভুঞ্জিলন্ত।
নমস্কাৰ কৰি দুয়ো গৃহক গৈলন্ত॥২৪৬
কথামাতে যান্ত পথে হৰিষিত মন।
মাধৱে বুলিলা ৰামদাসক বচন॥
পূৰ্ব্ব হন্তে শুনো শঙ্কৰৰ কথা যত।
তথাপিতো কিঞ্চিতেকো নধৰোঁ মনত॥ ২৪৭
তুমি বৰ আমাক কৰি উপকাৰ।
একে কুটুম্ব আৰো সুহৃদ আমাৰ॥
টঙ্কা দিলোঁ তভো তুমি নিকিনিলা ছাগ।
মহাক্ৰোধে মোৰ মনে মিলিল বৈৰাগ্য॥ ২৪৮
মহা ভাগ্য আসি মোৰ ভৈলা উপসন।
শঙ্কৰ দেৱৰ মঞি দেখিলো চৰণ॥