পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
৺শঙ্কৰদেৱ।

কৰিলোঁহো সম্ভাষণ শাস্ত্ৰক বিচাৰি।
গুৰু মানি শৰণ লৈলোঁহো দৃঢ় কৰি॥ ২৪৯
এহি কথামাতে দুয়োজনে গৃহ পাইলা।
আসিল অষ্টমী তিথি মাধৱে জানিলা॥
দ্বিপ ধুপ কদলি তাম্বুল উপহাৰ।
কৰিলা মাধৱে আনি নৈবেদ্য সম্ভাৰ॥ ২৫০
আপুনি কোদাল ধৰি পন্থক চাঞ্চন্ত।
অনন্তৰে ৰাম ৰাম গুৰু আসিলন্ত॥
পন্থে মাধৱক পাই বুলিলা বচন।
বেলি ভৈল এভো তুমি নকৰিয়া স্নান॥ ২৫১
মাধৱে বোলন্ত গুৰু শুনা মোৰ বাক্য!
নৈবেদ্য উছৰ্গি দিবা কৃষ্ণ দেৱতাক॥
আনৰ সম্বন্ধে ফুলপাতো নেদিবাহা।
মোহোৰ শপত যেবে বাক্য নকৰাহা॥ ২৫২
ৰাম ৰাম গুৰু তান গৃহক গৈলন্ত।
নৈবেদ্য উছৰ্গি সবে কৃষ্ণক দিলন্ত॥
মাধৱে কৰিয়া স্নান গুৰুক নমিলা।
দিলন্ত নৈবেদ্য গুৰু নিজ গৃহে গৈলা॥ ২৫৩
অৰ্দ্ধেক নৈবেদ্য গৃহে মাধৱে থৈলন্ত।
অৰ্দ্ধেক নৈবেদ্য লৈয়া তেখনে গৈলন্ত॥