পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
৺শঙ্কৰদেৱ।

প্ৰথমতে মহন্তৰ সেৱা কৰিবেক।
শুদ্ধ ভাৱ দেখি তান কৃপা মিলিবেক॥২৩৯
কহিবন্ত ধৰ্ম্ম ধৰিবন্ত শুদ্ধ মতি।
হৰি কথা শ্ৰবনত উপজিবে ৰতি॥
কৃষ্ণত হৈবেক প্ৰেম দৃঢ় ভক্তি জাত।
দেহ ব্যতিৰেক আত্মা জানিবে সাক্ষাত॥ ২৪০
কৃষ্ণৰ পৰম কৃপা হৈবে তান প্ৰতি।
সৰ্ব্বজ্ঞাতা আদি গুণ মিলিবে সম্প্ৰতি॥
সংসাৰক তৰিবাক যাৰ আছে মন।
প্ৰথমে কৰোক সাধু সেৱাক যতন॥ ২৪১
গুৰু সেবাতেসে পাই ভকতি মুকুতি।
অন্যথা নপাৱে ইটো কহিলোঁ যুগুতি॥
অসংখ্যাত শঙ্কা শ্লোক মাধৱে তুলিলা।
শঙ্কৰে শাস্ত্ৰক দেখাই সমস্তে খুণ্ডিল॥ ২৪২
অন্যো অন্য শ্লোক নানা শাস্ত্ৰৰ তোলন্ত।
তিনি প্ৰহৰক মানে বাদ কৰিলন্ত॥
ৰামৰায় আদি কৰি আছা যত জন।
দুই হান্তৰ সম্বাদ চাহিছা ৰঙ্গমন॥ ২৪৩
শঙ্কৰৰ পৌটি বাক্য শুনি মাধৱৰ।
গুচিল সংশয় যত আছিল মনৰ॥