পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
৺শঙ্কৰদেৱ।

কৃষ্ণক ভজিয়া সুখে তৰোক সংসাৰ।
আত পৰে জীৱৰ কুশল নাহি আৰ॥২০৪
অনন্তৰে ৰামদাসে প্ৰণাম কৰিলা।
বিদাই কৰিয়া নিজগৃহে চলি গৈলা॥
মনে ভয় ভৈলা কথা শুনি শঙ্কৰৰ।
ছাগল নিকিনি চলি গৈলা নিজ ঘৰ। ২০৫
গুৱাপান আনি ৰঙ্গে মাধৱ আসিলা।
ৰামদাস বহিনাইত হৰিষে পুছিলা॥
কত কড়ি লাগিল ছাগল কিনিবাক।
কত বৰ উচ্চ ছাগ দেখায়ো আমাক॥ ২০৬
দুই শৃঙ্গ ভাল হুইবে অখু দুই কৰ্ণ।
কিবা দুই গোটা ক'লা কিবা শুক্ল বৰ্ণ॥
আগক আনিয়ো দেখোঁ দুই গোটা ছাগক।
শুনি ৰামদাসে মাতিলন্ত মাধৱক। ২০৭
মোহোৰ বচন বৰগিৰি শুনিয়োক।
কহো সত্য কথা তুমি নখঙ্গিবা মোক॥
ছাগল কিনিতে গৈলোঁ কৰিয়া যতন।
আছন্ত শঙ্কৰ তাঙ্ক ভৈলো দৰিশন॥২০৮
বসিয়া আছন্ত মহা ৰূপ চমৎকাৰ।
দেখি চৰণত কৰিলোঁহো নমস্কাৰ॥