পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
৺শঙ্কৰদেৱ।

আছন্ত মাধব তেহে হোন্ত মোৰ শাল।
দেবী পূজিবাক লাগি লাগয় ছাগল॥১৯৯
আসিল অষ্টমী দশভূজা পূজিবন্ত।
টঙ্কা দিয়া ছাগল কিনিতে পাঞ্চিলন্ত॥
আপুনি গৈলন্ত গুৱাপান আনিবাক।
মঞি আসি আছোঁ যে ছাগল কিনিবাক॥২০০
কতৰা জন্মৰ ভাগ্য আছয আমাৰ।
সি হেতু চৰণ আসি দেখিলোঁ তোমাৰ॥
এহি বুলি ৰামদাস মৌনে ৰহিলন্ত।
হেন শুনি হাসিয়া শঙ্কৰে মাতিলন্ত॥২০১
শুনা ৰামদাস কহোঁ তোমাৰ আগত।
নতু শুনা তুমি মহাশাস্ত্ৰ ভাগৱত॥
দেৱপূজা কৰি যিটো কাটে হাঁস ছাগ।
অস্ত্ৰ ধৰি অন্তকালে লৱে সিটো লাগ॥২০২
কাণ্টে ছিণ্ডে লৱে প্ৰাণ ঘাঁৰক মোচৰি।
যাতনা ভুঞিবে লাগি জীয়ে মৰি মৰি॥
যি কাৰ্য্যে কাণ্টিলে বলি ফলো নপাৱয়।
কিঞ্চিতেক ছিদ্ৰে সৱে বিনাশ কৰয়॥২০৩
চিৰকাল ভুঞ্জি মৰৈ ঘোৰ নৰকক।
যিটো জনে চাহে আপুনাৰ কুশলক॥