পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
৺শঙ্কৰদেৱ।

বসিলোঁ আসনে মোত কথা পুছলিন্ত।
কহিলোঁ সকলে মঞি তোমাৰ বৃত্তান্ত॥ ২০৯
হাসিয়া শঙ্কৰে পাচে বুলিলা বচন।
বৃথা দুঃখ পাৱে কৰি কৰ্ম্মক যতন॥
বলি কাটি যিটো অন্য দেৱক পূজয়।
অন্তকালে সেহি বলি তাহাকো কাটয়॥ ২১০
যাতনা ভুঞ্জিয়া মৰে নাহিকে নিস্তাৰ।
নপাৱে ফলকো দুঃখ মাত্ৰ হোৱে সাৰ॥
বিস্তৰ কহিলা আৰো মোহোৰ আগত।
ভয়ে নিকিনিলোঁ ছাগ কহিলোঁ তোমাত॥ ২১১
শুনিয়া মাধৱ আতি ক্ৰোধত জলিলা।
মৰ মৰ পাপী বুলি খঙ্গিয়া উঠিলা॥
নামত হোঙ্কোৰা তোৰ বুদ্ধি নুহি ভাল।
কড়ি দিলো তভো কিনি নানিলি ছাগল॥ ২১২
মুৰ্খৰ আগত যেন কথা কহ তঞি।
ধৰ্ম্ম বুঝাৱস কিছো নজানোহো মঞি॥
ৰামদাসে বোলন্ত নকৰা খঙ্গ মোক।
শঙ্কৰৰ পাশে যাঞো শীঘ্ৰে চলিয়োক॥ ২১৩
আপুনাক পণ্ডিত মানাহা বৰ গোট।
শঙ্কৰৰ আগত হৈবিহি লোতসোত॥