পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
৺শঙ্কৰদেৱ।

যি সৱ অৰ্থক কহে গীতা ভাগৱতে।
সবে অৰ্থ বেক্ত হুয়া আছয় গীততে॥ ১৮৪
হাতে তাল ধৰি গীত গায়নে গাৱয়।
শঙ্কৰৰ গীত শুনি মনত বিস্ময়॥
অনন্তৰে নাম ধৰিলন্ত ভক্তগণে।
অমৃত বৰিষে যেন ব্ৰাহ্মণৰ মনে॥ ১৮৫
কীৰ্ত্তন কৰয় পালি ঘোষাক গাৱয়।
ওজা পদ বোলে যেন অমৃত সিঞ্চয়॥
কীৰ্ত্তনক সমাপিয়া ঘৰে চলি গৈলা।
ৰঙ্গমনে বিপ্ৰ পাচে শয্যাত শুতিলা॥ ১৮৬
শঙ্কৰো হৰিষ মনে শয্যাত শুতিলা।
ৰজনী প্ৰভাত জানি শয্যাৰ উঠিলা।
স্নান কৰি বসিলা দেৱৰ মন্দিৰে।
ভাগৱত পাঠ আৰম্ভিলা বিপ্ৰবৰে॥ ১৮৭
প্ৰথম কন্ধৰে পৰা দ্বাদশ পৰ্য্যন্তে।
পঢ়িলন্ত বিপ্ৰে বাৰ্হ কন্ধ ভাগৱতে॥
পৰম হৰিষ মনে পঢ়া বিপ্ৰবৰ।
দোষণ সিদ্ধান্ত দেন্ত আপুনি শঙ্কৰ॥ ১৮৮
মহাগ্ৰন্থ ভাগ্‌ৱত তত্বক বিচাৰি।
শঙ্কৰে কৰিছা পদ মহাযশ কৰি॥