পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
৺শঙ্কৰদেৱ।

যেন সুখে দুখে মোৰ ইটো মুখে
 নেড়োক তোমাৰ নাম।
তেবেসে ইবাৰ নিস্তৰো সংসাৰ
 সবে বোলা ৰাম ৰাম॥ ১৮০


ব্ৰাহ্মণৰ প্ৰেম বাণী শুনিয়া শঙ্কৰ।
মনত হৰিষে পাচে দিলন্ত উত্তৰ॥
শঙ্কৰ বদতি শুনা বিপ্ৰ মহাশয়।
জগন্নাথে দায়া মোক সম্পূৰ্ণে আছয়॥ ১৮১
কৃপা কৰি তোমাক পঠাইলা মোৰ পাশে।
তুমি হেন বিপ্ৰক লভিয় ভাগ্য বশে॥
কালি আৰম্ভিবা মহাগ্ৰন্থ ভাগৱত।
গীত পদ কৰি আমি আছোঁহো পূৰ্ব্বত॥ ১৮২
তাত কৰি অৰ্থ কিবা বিলক্ষণ হয়।
শুনিবাক মোৰ মহা আনন্দ আছয়॥
এহি কহি মৌনে পাচে ৰহিলা শঙ্কৰ।
পৰম হৰিষ মন ভৈলা ব্ৰাহ্মণৰ॥ ১৮৩
এত হন্তে ভক্ত সমে আসিয়া মিলিলা।
দেৱগৃহে পশি মহা নাট আৰম্ভিলা॥