পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
৺শঙ্কৰদেৱ।

জগন্নাথ আজ্ঞা বিপ্ৰে কৰি শিৰোগত।
পঢ়িলা হৰিষে বাৰ্হ কথা ভাগৱত॥ ১৮৯
দৈবকী নন্দনে শঙ্কৰক অংশ মানি।
পঠাইলা বিপ্ৰক শুনিলাহা সবে প্ৰাণী॥
ইকথা থাকুক শুনা আত অনন্তৰ।
যি মতে মাধৱ শিষ্য ভৈলা শঙ্কৰৰ॥ ১৯০
বলুকাত ভ্ৰাতৃ আছে তহিকে গৈলন্ত।
কিছোমান বিত তৈৰ পৰা আনিলন্ত॥
কত দিন আছা মহা হৰিষে মনত।
আসিয়া শৰত কাল ভৈলা উপগত॥ ১৯১
মনত বোলন্ত লাগে দেবী পূজিবাক।
পঠাও ৰামদাসক ছাগল কিনিবাক॥
শুনা বোলোঁ বহিনাই ধৰা মোৰ বাণী।
দুই গোটা ছাগল কিনিয়া দিয়া আনি॥১৯২
মঞি যাঞ হাটক তাম্বুল বেহাইবাক।
নকৰা বিলম্ব লাগে দেবী পূজিবাক॥
এহি বুলি ৰামদাস হাতে টঙ্কা দিলা।
বেসাতি আনিতে প্ৰতি আপুনিয়ো গৈলা॥ ১৯৩
ৰামদাসে টঙ্কা হাত পাতিয়া লৈলন্ত।
ছাগল কিনিবে প্ৰতি চলিয়া গৈলন্ত॥