পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
৺শঙ্কৰদেৱ।

শঙ্কৰে জমাইক মাতি   বুলিলা সাদৰে আতি
 তুমি চৰ্চ্চিবাহা তন্ত্ৰীগণ।
শঙ্কৰক নমস্কাৰ   কৰি ৰাজ কাজ চৰ্চ্চি
 হৰি ঘুষি থাকা ৰঙ্গমন॥ ১৫৫
শঙ্কৰক নমস্কাৰ   কৰি ৰামৰায় বোলে
 দদা মোৰ শুনিয়োক বাক।
দেৱগৃহ পাতিবোঁহো   তজু সঙ্গে বসিবোঁহো
 চৰ্চ্চিবাহা কৃষ্ণৰ কথাক॥
আনো প্ৰিয় বাক্য বুলি   ৰামৰাই অদিৰিয়া
 শঙ্কৰক নমস্কাৰ কৰি।
গজনা সুন্তিৰ পৰা   পূৰ্ব্বৰ গ্ৰামক লাগি
 শঙ্কৰক আনিলা সাদৰি॥ ১৫৬
শঙ্কৰে বোলন্ত ভাই   শুনিয়োক ৰামৰাই
 দেৱগৃহ সাজিয়ো যতনে।
হেন কথা শুনিলন্ত   সত্ৰ গৃহ সাজাইলন্ত
 ৰামৰাই মহা ৰঙ্গমনে॥
ৰাম ৰাম গুৰু সমে   সেহি গৃহে বসে ৰঙ্গে
 ভাগৱত কৰিলা বিচাৰ।
তত্ব অৰ্থ জানিলন্ত   মনে খেদ কৰিলন্ত
 মায়াময় অনিত্য সংসাৰ॥ ১৫৭