পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
৺শঙ্কৰদেৱ।

কৰোঁহো কাকূতি প্ৰভু দিয়া এহি দান।
তুমি বিনে মোহোৰ সুহৃদ নাহি আন॥ ১৫২
শৰণে পশিলোঁ প্ৰভু কৃপা কৰা মোক।
তজু ভকতৰ সঙ্গ সদা নুগুচোক॥
বচনে নেড়োক দিনে ৰাতি আতি নাম।
তেবেসে নিস্তৰোঁ সবে বোলা ৰাম ৰাম॥ ১৫৩


জয়ন্ত মাধৱ দুয়ো   প্ৰিয় বাক্যে আশ্বাসিয়া
 সম্বুধি বুলিলা শঙ্কৰক।
তোমাৰ পিতৃৰ লোক   তোমাতে খাণ্টোক বাপ
 চৰ্চ্চিয়োক পূৰ্ব্ব বিষয়ক॥
শঙ্কৰে বোলন্ত মোক   নলাগে পিতৃৰ লোক
 প্ৰয়োজন নাহিকে আমাৰ।
পঢ়িলোঁহো শাস্ত্ৰ দুখে   গৃহত বসিয়া সুখে
 কৰিববাহো অৰ্থক বিচাৰ॥ ১৫৪
তথাপিতো দুয়োজনে  বুলিলন্ত বহু মান্যে
 পূৰ্ব্বাপৰ কৰিয়া বেৱস্থা।
এক শত তন্ত্ৰী গিৰি   দিয়া তাক অধিকাৰি
 শঙ্কৰক পাতিলা গোমষ্ঠা॥