পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
৺শঙ্কৰদেৱ।

পুত্ৰ দাৰা ধন জন   সৱে মিছা অকাৰণ
 নজানি বিশ্বাস আত কৰৈ।
নজানৈ শাস্ত্ৰৰ তত্ব   নিৰন্তৰে লোক যত
 মোৰ মোৰ বুলি মাত্ৰ মৰৈ॥
কলিমল সাগৰত   তল গৈলা লোক যত
 নেড়াইলেক অবিদ্যাৰ হাত।
অবিদ্যাতে জন্মি আছে   পঞ্চপৰ্ব্ব নামে ঘোৰ
 ভাগৱত শাস্ত্ৰত প্ৰখ্যাত॥ ১৫৮
পৰমাত্মা ৰূপে হৰি   হৃদয়তে আছা তাঙ্ক
 অবিদ্যায়ে আছয় ঢাকিয়া।
তমঃ নাম অজ্ঞানত   ভ্ৰমি মৰে লোক যত
 ঈশ্বৰ কৃষ্ণক পাসৰিয়া॥
দেহে অহম্বুধি ভৈলে   মোহ নামে গৰ্ব্ব হোৱে
 গুৰুজন হেলাত নাদৰে।
ভোগক ইচ্ছায়ে যেবে   মহামোহে ধৰৈ তেৰে
 মায়াত মজিয়া দুঃখে ৰৰে॥ ১৫৯
যাক প্ৰতি আশা কৰে   তাকো যেবে কালে হৰে
 বাক্যে তিৰস্কাৰ কৰে আতি।
তামিশ্ৰ বোলয় আক   বোলে নানা নিন্দা বাক
 ক্ৰোধত হৰাই জ্ঞান শ্ৰুতি॥