সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
৺শঙ্কৰদেৱ।

মুহুৰ্ত্তেক মান চাহিছন্ত আনন্দতে।
নমস্কাৰ কৰি বাজ ভৈলা তৈৰ হন্তে॥ ১৩৩
মহা প্ৰসাদক বসি ভোজন কৰিলা।
মহা ৰঙ্গে কতো দিন ক্ষেত্ৰত আছিলা॥
মুখ্য পাণ্ডা সবে লাগ নেড়ে শঙ্কৰৰ।
পূৰ্ব্ব কথা বাৰ্ত্তা কহি থাকা নিৰন্তৰ॥ ১৩৪
ব্ৰহ্ম পূৰাণক চাই শঙ্কৰে কহন্ত।
যেন মতে জগন্নাথ সাক্ষাত ভৈলন্ত॥
সি সব বৃত্তান্ত কথা শুনিয়া সমস্ত।
ক্ষণ প্ৰাই যাই দিন সবাৰো মনত॥ ১৩৫
অনন্তৰে শঙ্কৰে আসিতে সাজ ভৈলা।
জগন্নাথ প্ৰণামিয়া বিদায় কৰিলা।
প্ৰিয় বাক্যে সম্বুধিয়া পাণ্ডা সমস্তক।
আসন্ত শঙ্কৰ যেবে আপুন ৰাজ্যক॥ ১৩৬
দেখিয়া পাণ্ডাৰ খেদ মিলিল আপাৰ।
আগবঢ়াই থৈলা নিয়া কৰি সতকাৰ॥
দ্বাদশ বৎসৰ তীৰ্থ কৰি ফুৰিলন্ত।
অনন্তৰে আসি নিজ গৃহক পাইলন্ত॥১৩৭
বনগয়া দেখে দদা গৃহক আসিলা।
হৰি জমাই সমে দুয়ো প্ৰণাম কৰিলা॥