পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
৺শঙ্কৰদেৱ।

প্ৰথমতে যাই গঙ্গা তীৰ্থক পাইলন্ত।
বিষ্ণু পাদোদক আনি ৰঙ্গে স্নানিলন্ত॥ ১২৮
তীৰ্থৰ নিয়ম যত সমস্তে কৰিলা।
গঙ্গাক এড়ায়া গয়া তীৰ্থ প্ৰবেশিলা॥
পিতৃ পিতামহ আদি যতেক আছন্ত।
গয়া পিণ্ড দানে সমস্তকে তুষিলন্ত॥ ১২৯
দক্ষিণায়ে তুষিলন্ত বিপ্ৰ নিৰন্তৰ।
আনো সব তীৰ্থ স্নান কৰিলা শঙ্কৰ॥
বিধি অনুৰূপে সবে তীৰ্থ কৰিলন্ত।
অনন্তৰে জগন্নাথ ক্ষেত্ৰে আসিলন্ত॥১৩০
আপুনি পণ্ডিত তীৰ্থ নিয়ম জানন্ত।
অনুক্ৰমে সমস্তে তীৰ্থকে কৰিলন্ত॥
শঙ্কৰক দৰশনে মানি মহাভাগ।
মুখ্য পাণ্ডা সবে শঙ্কৰৰ নেড়ে লাগ॥ ১৩১
যথাযোগে শঙ্কৰে সবাকে তুষিলন্ত।
জগন্নাথ মন্দিৰত প্ৰবেশ ভৈলন্ত॥
জগন্নাথ দৰশনে হৰিষ লভিলা।
পৰম আনন্দে পৰি প্ৰণাম কৰিলা॥ ১৩২
উঠি নিৰেখস্ত জগন্নাথৰ মুখক।
জগন্নাথে হৰিষ দেখিয়া শঙ্কৰক॥