পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
৺শঙ্কৰদেৱ।

আনো বন্ধুগণ সবে দেখিতে আসিলা।
জগন্নাথ প্ৰসাদক গায়ে গায়ে দিলা॥১৩৮
জয়ন্ত মাধৱ সূৰ্য্যবৰ আসিলন্ত।
তাসম্বাক দেখিয়া শঙ্কৰ উঠিলন্ত॥
পিতামহ আসিলন্ত আসন দিৱইলা।
নমস্কাৰ কৰিবাক ওচৰ চাপিলা॥ ১৩৯
নমস্কাৰ কৰিবাক কেহো নেদিলন্ত।
সাধুবাদ কৰিয়া সাবটি ধৰিলন্ত॥
শঙ্কৰক আশংসিয়া আসনে বসিলা।
ক্ষেত্ৰৰ মহিমা যত শঙ্কৰে কহিলা॥ ১৪০
জগন্নাথ প্ৰসাদক তিনিকো দিলন্ত।
প্ৰসাদ ভুঞ্জিয়া মহা সন্তুষ্ট ভৈলন্ত॥
তিনি পিতামহে শঙ্কৰক প্ৰসঙ্গিয়া।
গৃহক গৈলন্ত চলি বিদাই কৰিয়া॥ ১৪১
বনগঞা গিৰি পাচে গুণিলা মনত।
দুগ্ধ খাইতে ধেনু নাই দদাৰ গৃহত॥
ধেনু আনিবাৰ লাগি কাচি পাৰি গৈলা।
ভাল ভাল বাছি ধেনু পালৰ আনিলা॥ ১৪২
জয়ন্ত মাধৱৰ পাল ৰাখন্ত গোৱালে॥
ধেনুক আনন্তে বাধিলেক তত কালে॥