পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
৺শঙ্কৰদেৱ।

পুৰুষোত্তম নাম ধৰি লোক নিস্তাৰিলা।
শঙ্কৰত বিনে গুৰু আন নকহিলা॥৮৯৭
পুত্ৰতো অধিক কৰি ভক্তক পালিলা।
ভাগৱত শাস্ত্ৰমানে কণ্ঠাগত কৈলা॥
তান্ত পৰে পৃথিবীত পণ্ডিত নাহিলা॥
যতেক পণ্ডিত মনে তাহাতে ঘাণ্টিলা॥ ৮৯৮
পৃথিবীক ভৰি তেন্তে যশস্যা থৈলন্ত।
হৰি ভক্তি কৰি তেন্তে সুখে আছিলন্ত॥
অগাধ সাগৰ তেন্তে আপুনি ঈশ্বৰ।
তাহান মহিমা কহি কোনে পাৱে পাৰ॥ ৮৯৯
দুই ঠাকুৰক এক বুলি ধৰিবাহা।
দুই খান হস্তক কোনে ভিন্ন কৰিবাহা॥
শ্ৰীমন্ত পুৰুষোত্তম শ্ৰী শ্ৰীচতুৰ্ভুজ।
শৰীৰত ভিন্ন দুইৰো আত্মা একানুজ॥ ৯০০
বেহাৰ নগৰে কতো দিন আছিলন্ত।
ভকত সৱক মাতি প্ৰবোধ দিলন্ত॥
শুনিয়ো ভকত সব কহোঁ সাৰে সাৰ।
শঙ্কৰত বিনে গুৰু নেদেখিবা আৰ॥ ৯০১
শ্ৰৱণ কীৰ্ত্তন বিনে ধৰ্ম্ম নাহি আন।
ভকত সবাতে শ্ৰেষ্ঠ জানিবা প্ৰধান॥