পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৮
৺শঙ্কৰদেৱ।

এহি মতে এক শতাধিক জুড়িলন্ত।
শঙ্কৰ দেৱৰ মহিমাক দেখিলন্ত॥৮৭৭
বেদ তীৰ্থ প্ৰতিমা দেবীক নমানন্ত।
এহি কথা আমাৰ আগত কহিছন্ত॥
কৃষ্ণ মূৰ্ত্তি প্ৰতিমা আসি আছে মোৰ।
ইটো কথা যিটো কহে জানোঁ সেহি চোৰ॥ ৮৭৮
দেবীপূজা নকৰোঁ ইহাক জানিৱন্ত।
তোমাৰ পূজিবে লাগে ঐশ্বৰ্য্য দিবন্ত॥
নৰ বাৰী হন্তে এক বাৰীয়া আসিল।
দুই চৰু মৰিচ আনি ৰাজাত ভেটিল॥ ৮৭৯
মহাৰাজা বোলে মোৰ কি ভাগ্য মিলিল।
নৱ বাৰী বস্তু অজি সবাতো লাগিল॥
এহি বুলি চৰু মেলি সমস্তকে দিলা।
পাইবা মাত্ৰ মৰিচক ভোজন কৰিলা॥ ৮৮০
মহাপুৰুষ যেবে তাক নকৰা ভোজন।
দেখিয়া নৃপতি চাই বুলিলা বচন॥
মৰিচক কিবা হেতু নকৰা ভোজন।
শঙ্কৰে বোলন্ত শুনা ইহাৰ কাৰণ॥ ৮৮১
কোচ কেওট লোকে ভৰিয়ে মাৰয়।
বাহিগাৱে উখাই আক বাণী লৰায়॥