এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
৺শঙ্কৰদেৱ।
এতেকেসে পখালিয়া ভুঞ্জিবাক লাগে।
ইহাতে শঙ্কৰে বোলে কৰ্ম্ম সব ভাগে॥ ৮৮২
অনাচাৰ ব্ৰাহ্মণ তই একো নজানস।
শঙ্কৰ গোসাঞ তাতে সমস্তে কৰিস॥
সেহি সময়ত ৰাজা বুলিলা বচন।
এক গোট গীত কৰি দিয়ো এতিক্ষণ॥ ৮৮৩
ব্ৰাহ্মণ সকলে তাক কেহো নোৱাৰিল।
মহান পুৰুষে এক নিমিষে কৰিল॥
মহিমা দেখিয়া ৰাজা অদ্ভুত মানিল।
এহেন্তি ঈশ্বৰ হেন মনত জানিল॥ ৮৮৪
নৃপতি বোলন্ত তোৰা কিছোৱে নজান।
শঙ্কৰক মিছা কাজে বাদ কৰি আন॥
থালক মাজিতে ৰাজা ভৈক পাঞ্চিলন্ত।
ভোজনক লাগি বহু সম্ভাৰ দিলন্ত॥ ৮৮৫
আত অনন্ত:ৰ কথা শুনা সৰ্ব্বজনে।
শঙ্কৰ দেৱক খঙ লগাইলা ব্ৰাহ্মণে॥
মহা মনকোপে ৰাজা দূতক পঠাইলা।
দূত মুখে শুনি ৰাজা সমাজক আইলা॥ ৮৮৬
সবাৰো আনন্দ মহা পুৰুষক দেখি।
নৃপতি বিস্ময় মনে খছন্ত নিৰেখি॥