পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
৺শঙ্কৰদেৱ।

এহি শুনি দুয়োজনে কহে কাণে কাণে।
শঙ্কৰ দেৱক আৰো নেদেখোঁ নয়নে॥
হা হৰি যে কত আছে পাতেক সঞ্চিত।
শঙ্কৰৰ দেৱে এবে কৰাইলে বঞ্চিত॥ ৮১০
কৰন্ত মনত খেদ শঙ্কৰক স্মৰি।
চক্ষুৰ লোতক দুইৰো পৰে সৰি সৰি॥
হৰি বোলে উঠ ঝান্তে চৌহান্তক চৌউ।
এহি কুন্দা গোটক কান্ধত কৰি লউ॥ ৮১১
যাবে ভোন্ট নাসে তাবে দিনত ৰাখিবোঁ।
ৰাত্ৰি ভৈলে দুয়োৰো পাৱে কুন্দা দিয়া থৈবোঁ॥
শুনি নাৰায়ণে কুন্দা লৈলেক কান্ধত।
মাৰণৰ গাৱ বুলি বাক আশকত॥ ৮১২
কুন্দাৰ ভৰত যেন কান্ধ ভাগি যাই।
লাসে লাসে মাতিলেক হৰিষাক চাই॥
শুনৰে হৰিষা মঞি বাহবে নপাৰোঁ।
কুন্দাৰ ভৰত হেৰা কান্ধ ফুটি মৰোঁ॥ ৮১৩
হৰি বোলে পেহ্লাৱ কান্ধৰ কুন্দা তঞি।
বহিবাক নপাৰস কি কৰিম মঞি॥
শুনি নাৰায়ণে কুন্দা পেহলাইলা কান্ধৰ।
ভৈলন্ত শৰীৰ লঘু পলাইল ভাগৰ॥ ৮১৪