পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
৺শঙ্কৰদেৱ।

খানিতেকে চৌহান্তৰ ওচৰ পাইলন্ত।
এক দোকানীত তাম্বুল মাগিলন্ত॥
পাইলন্ত তাম্বুল নাহি লগত কটাৰি।
ভাঙ্গিলা তাম্বুল চিপি নিহালত তাৰি॥ ৮১৫
তাম্বুল ভুঞ্জিয়া কিছো স্বস্থ লভিলন্ত।
হাৰৰ সমীপে বাসা কৰি ৰহিলন্ত॥
মধু নামে এক জন উপৰ চালেক।
দুই হান্তকে চাই পাচে হৰি মাতিলেক॥ ৮১৬
একজন উঠি গৈয়া আন ভিক্ষা মাগি।
কৰিযো যতন অন্ন ভুঞ্জিবাক লাগি॥
শুনি গোকুচান্দ চলি গৈলা লাসে লাসে।
মাগিলন্ত ভিক্ষা গই দোকানাৰ পাশে॥ ৮১৭
চাউল দালি লোণ তৈল মৎস্য খৰি পাইলা।
পানীৰ বাচন আৰো আনিলা পতিলা॥
তাৰা দুইকে ভুঞ্জাই পাচে দুই হান্ত ভুঞ্জিলা।
আন্তিলেক বস্তু আৰো অধিক ৰহিলা॥ ৮১৮
তাত পাচে আসিলেক ভোণ্ট অধিপতি।
অনেক আসিলা আৰো তাহাৰ সঙ্গতি॥
হৰি বোলে ৰাজ আজ্ঞা কৰিতে যুৱাই।
উঠ তোৱা দুইকো দেঞ ভোন্টক দেখাই॥ ৮১৯