সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
৺শঙ্কৰদেৱ।

ৰামানন্দে বোলে কোনো উপাই কৰঞ।
আসা দুয়োজনে দেৱানত জান দেঞ॥
দেৱানৰ আগে দুয়ো কহিলা কথাক।
ৰাজদূত পাঠাইলে পিতৃক আনিবাক॥ ৭৮০
ব্ৰাহ্মণ সমস্তে ৰাজাত লগাইলেক॥
ক্ৰোধে দশ জন গড়মৌলি পঠাইলেক।
হেনয় বচন পাচে দেৱানে শুনিলা।
মনদুখে খেনিতোক নমাতি আছিলা॥ ৭৮১
দশজন ঢোপ-ধৰা পঠাইলা তেখনে।
বিলম্ব নকৰি চলি যাহা ৰাত্ৰি দিনে॥
ৰাজাৰ মনুষ্যে যেবে পাইলে শঙ্কৰক।
মাৰি খেদাই কাঢ়ি আনা মোহোৰ পাশক॥ ৭৮২
ইহাৰ উত্তৰ মঞি আপুনি কৰিবোঁ॥
প্ৰাণান্তিকে শঙ্কৰক এড়িয়া নেদিবোঁ॥
যাৱে নতু তাৰা পাৱে আন শীঘ্ৰ কৰি।
চলি গৈলা ঢোপধৰা আজ্ঞা শিৰে ধৰি॥ ৭৮৩
কিবা ৰাত্ৰিদিনে বৰপেটা শীঘ্ৰে পাইল।
গোপ্য কৰি শঙ্কৰত বচন কহিল॥
পৰিকৰ সৰ্ব্বম্বক গৈলা আতঁৰাই।
আসিলা শঙ্কৰ পাচে দেৱানৰ ঠাই॥ ৭৮৪