পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
৺শঙ্কৰদেৱ।

শুনা সভাসদ গণ কৃষ্ণ পাৱে দিয়া মন।
নকৰিবা কিছো ভয়।  ৰাখিবন্ত কৃপাময়॥ ৭৭২
ইন্দিবৰ শ্যাম হৰি।  তাঙ্ক হৃদি স্থিত কৰি।
ভজৈ যিটো তান পাৱ।  তাহাৰে সে লাভ হৱ॥ ৭৭৩
কৈতো নাহি পৰাভৱ।  জানি কৰা মহোৎসৱ॥
বিষয়ত মতি তীব্ৰ।  কহয় ভূষণ বিপ্ৰ॥ ৭৭৪
নমো নমো যদুপতি।  তুমি অগতিৰ গতি।
বোলা কৃতাঞ্জলি কৰি।  আগে দণ্ডৱতে পৰি॥ ৭৭৫
নকৰিবা আশা ভঙ্গ।  দিয়া ভকতৰ সঙ্গ।
মুখে নচাড়োক নাম। তেৱে সিদ্ধ মনঃ কাম॥ ৭৭৬
ৰাম কৃষ্ণ হৰি ৰাম।  এড়ি সবে আন কাম।
লৈয়ো মুখে অবিশ্ৰাম।  ডাকি বোলা ৰাম ৰাম॥ ৭৭৭
  কণ্ঠ ভূষণৰ এহি কথা শুনিলন্ত।
  ৰামানন্দ ঠাকুৰৰ পাশক গৈলন্ত॥
  সংগোণ্যে বোলন্ত বাপু কথা ভৈলা টান।
  ৰাজা বোলে শঙ্কৰক শীঘ্ৰে ধৰি আন॥ ৭৭৮
  সভামধ্যে শঙ্কৰক বিস্তৰ গৰ্জ্জিলা॥
  দশজন গড়মৌলি ৰাজা পাঞ্চি দিলা॥
  এহি কথা যেবে ৰামানন্দে শুনিলন্ত।
  মহাদুখে মনত নিশ্বাস তেজিলন্ত॥৭৭৯