নমো নমো কৃষ্ণ কিঞ্চিতেক কৃপা কৰা।
তোমাৰ ভৃত্যৰ ভৃত্য বুলি মোক ধৰা॥
তেবেসে আমাৰ হেৱে পূৰ্ণ মনঃ কাম।
মূৰুখ ভূষণে কহে বোলা ৰাম ৰাম॥ ৭৬৩
গৰ্জ্জি নৰনাৰায়ণ কৰি আতি বোধ মন।
পাত্ৰ সবাক সম্বুধি মাতৈ দৰ্পে ফিন্দাই হিয়া॥ ৭৬৪
দেখা দেখা পাত্ৰচয় কেন মত যে অন্যায়।
ভৈল মোৰ যে ৰাজ্যত শূদ্ৰে পঢ়ি ভাগৱত॥ ৭৬৫
ব্ৰাহ্মণক নমস্কাৰ নকয় একোবাৰ।
গঙ্গাস্নান নকৰয় তুলসীক নমস্কাৰ॥ ৭৬৬
এড়িলে বেদৰ ধৰ্ম্ম কিনো ইটো বিপৰীত।
নকৰে পিতৃৰো কৰ্ম্ম ভৈলা পাষণ্ডৰ চিত॥৭৬৭
দেবীপূজা কৰিবাকে নিষেধিলে সমস্তকে।
হৰি ভজিবাক প্ৰতি উপদেশ দিয়ে মাতি॥ ৭৬৮
গুৰু বোলাই সমস্ততে ফুৰে ইটো যে ৰাজ্যতে।
মান সতকাৰ পাই গৰ্বব মদ বাঢ়ি যাই॥ ৭৬৯
চল গড় মৌলি গণ সবাহাঙ্কে ধৰি আন।
শঙ্কৰক লগ পাইবোঁ তাৰ ছাল দবা চাইবোঁ॥ ৭৭০
যত লগৰীয়া তাৰ কাকো নাৰাখিবো আৰ।
এহি বুলি মৌনে ৰৈলা শুনা পাচে যেন ভৈলা॥ ৭১
পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
১৯১
৺শঙ্কৰদেৱ।