পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৩
৺শঙ্কৰদেৱ।


সেহি দিনা হন্তে কড়ি তোলা বৃত্তি
 এড়ি সবে যত মহাজন।
একো জনে একো ৰূপীয়া ভঙ্গাই
 কৰন্ত সবে ভোজন॥
গয়া বাৰাণশী কুৰুক্ষেত্ৰ আদি
 ফুৰিলঞো তীৰ্থ যত।
অনন্তৰে পাচে  প্ৰবেশ ভৈলোঁহো
 আলি নাম নগৰত॥ ৬৯৩
যি কাৰণে বৃন্দা বনক নগৈলোঁ
 কহিলোঁ তাৰ কাৰণ।
কবিৰৰ মঠ চাহিবাক গৈলোঁ
 কৰিয়া আনন্দ মন॥
কবিৰৰ জীয় নাতি আছে তথা
 তেহে নাহিকন্ত ঘৰে।
তান পত্নী আসি বিস্তৰ কাকূতি
 কৰিলন্ত হাত জোৰে॥ ৬৯৪
আভাগিয়া আজি বাৰিত নাহিকা
 কোথাবা গৈ আছে বুলি
আতা সকলক দেখিতে নপাইলে
 লৈবাক নপাইলে ধূলি॥