পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৭৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৪
১৭৪
৺শঙ্কৰদেৱ।

আৰো এক টঙ্কা  মনে মনে দিলা
 বেসাতি কৰাৰ হাতে।
আজি যৈত ৰবা দ্ৰব্যক কিনিয়া
 ভুঞ্জিবা সবে ভকতে॥ ৬৯০
শঙ্কৰৰ পাৱে নমস্কাৰ কৰি
 মানিলা ভাগ্য বিস্তৰ।
গৃহস্থক মাতি  সবে লৰি গৈলা
 শুনা কথা আতপৰ॥
পৰম হৰিষে  পুখুৰীৰ পাৰে
 সবেও ৰহিলো যাই।
ৰূপিয়া ভঙ্গাইলো  দ্ৰব্যক কিনিলা
 শঙ্কৰে সোধন্ত চাই॥ ৬৯১
কাৰ কড়ি দিয়া  বেসাতি কৰিলা
 শঙ্কৰে পুছিলা যেবে।
গৃহস্থে বেসাইবে  এক টঙ্কা দিলা
 কহিলা আনন্দে তেবে॥
সাধু সাধু ধন্য  গৃহস্থৰ মতি
 অৰ্থৰ সাফল তাৰ।
হৰিষে মনত  সবাৰো আগত
 প্ৰশংসিলা বাৰে বাৰ॥ ৬৯২