এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৩
১৭৩
৺শঙ্কৰদেৱ।
গৃহস্থে শুনিলে কৃষ্ণৰ কথাক
পুহাইলে যেবে ৰজনী॥
পূৰ্ব্বৱতে সবে ৰন্ধণ দ্ৰব্যক
আগতে দিলন্ত আনি॥
স্নান যে ভোজন কৰিয়া বসিলোঁ
সবেও সমাজ পাতি।
গৃহস্থক আনি শঙ্কৰে বোলন্ত
{{gap|3em}মধুৰ বচনে মাতি॥ ৬৮৮
দুই সন্ধ্যা আমি ভোজন কৰিলোঁ
দিলাহা দ্ৰব্য সমস্ত।
মূল্য কড়ি কৰি গণিয়া লৈয়োক
চলি যাইবোঁ তীৰ্থপথ॥
দুই সন্ধ্যা দুই ৰূপীয়াৰ দ্ৰব্য
লগিল মনত জানি।
নমস্কাৰ কৰি কৃতাঞ্জলি ধৰি
গৃহস্থে বোলয় বাণী॥ ৬৮৯
কত ভাগ্যে লগ পাইলোঁ তোমাসাক
দ্ৰব্য দিয়া ভুঞ্জাইবাক।
সব পৰিয়াৰে আলচিলোঁ মনে
নলাগে কড়ি আমাক॥