পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
৺শঙ্কৰদেৱ।

আনো যে ভকত সবে শুনিয়া আছস্ত।
সখিক সম্বুধি কথা মাধৱে কহন্ত॥ ৬৭৮
শুনা সভাসদ সাৱধান কৰি চিত।
পাপৰ অন্তক শীৰি শঙ্কৰ চৰিত॥
ছোটো পুষ্প গোটে বড় গন্ধ মাত্ৰ কয়।
যে হেন ভ্ৰমৰে তাৰ সাৰক আনয়॥ ৬৭৯
ভিকতেসে লৱে মাত্ৰ শাস্ত্ৰৰ সাৰক।
এতেকে শাৰঙ্গ বুলি কহে ভকতক॥
অব্যক্ত ঈশ্বৰ পূজিবাবা কোন মতে।
ব্যাপক বিষ্ণুক বিসৰ্জ্জিবা কোন মন্ত্ৰে॥ ৬৮০
এতাৱন্ত মূৰ্ত্তি শূন্য নপাৰি তৰ্কিত।
ৰাম ৰাম বুষিয়ো কৰিয়ো শুদ্ধ চিত॥
নমো নমো কৃষ্ণ কৃপা কৰিয়োক মোক।
তোমাৰ নামত মোৰ সদা ৰতি হৌক॥ ৬৮১
মঞি দুখিতক দিয়া ভকতৰ সঙ্গ।
এহি কৃপা কৰা নকৰিবা আশা ভঙ্গ॥
তেবেশে কৃপাল সিদ্ধি হোৱে মন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ৬৮২