পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৭
৺শঙ্কৰদেৱ।

মাধৱ নাৰায়ণ দুয়ো নিঃসংশয় মনে।
শঙ্কৰৰ আগে কথা সোধে দুয়ো জনে॥ ৬৭৩
বাসাক আসিলে বৈসে মাধৱৰ ঠাই।
মাধৱে কহন্ত কথা সবাকো বুঝাই॥
এক দিন কথা কহি মাধৱ আছন্ত।
পূৰ্ব্বৰ কথাক নাৰায়ণে পুছিলন্ত॥ ৬৭৪
মহা পুৰুষৰ সঙ্গে নপাইলোঁ যাইবাক।
গঙ্গাতীৰ হন্তে ফিৰাই পঠাইল আমাক॥
তুমি সব গৈলা মহা পুৰুষৰ সঙ্গে।
তীৰ্থ কৰি ফুৰিলাহা মহা ৰঙ্গ মনে। ৬৭৫
যৈত যিব দেখিলা শুনিলা কথা যত।
শুনোঁ সবে কহিয়োক মোহোৰ আগত॥
মহাপুৰুষ যে ৰাম ৰাই দুয়োজনে।
যাইবাক চাহিল ব্ৰজপুৰ বৃন্দাবনে॥৬৭৬
আনো লোকে সিটো থান দেখিতে বাঞ্চন্ত।
তুমি নগৈলাতে তাৰা সবো নগৈলন্ত॥
কিবা হেতু নগৈলা গকুল বৃন্দাবনে।
কহিয়ো ঠাকুৰ শুনো মহাৰঙ্গ মনে। ৬৭৭
নাৰায়ণে পুছিলা হৰিষে মাধৱৰ।
বোলন্ত শুনিয়ো সখি কথা পশ্চিমৰ॥