সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৬
৺শঙ্কৰদেৱ।

সম দম দায়া ক্ষমা আদি গুণ যত।
সমস্তে থাকিবে লাগে হৰিভকতত॥ ৬৬৮
প্ৰাণী হিংসা কৰিবাক উচিত নোহয়।
ভূত দায়া কৰিবাক অৱশ্যে লাগয়॥
মুখত কাপোৰ দিয়া মাধৱে হাসন্ত।
বিস্তৰ যুকুতি নাৰায়ণে কহিলন্ত॥ ৬৬৯
শুনিয়া ৰাজাৰ মনে সন্তোষ মিলিলা।
বান্ধ চোড়াই তেখনে সবাকো মেলি দিলা॥
মাধৱে কহিয়া শাস্ত্ৰ যুকুতি বিশেষ।
দিলন্ত ভকতিজ্ঞান তত্ব উপদেশ॥ ৬৭০
নিঃসংশয় লভিলা নিশ্চয় কৰি মন।
কৃষ্ণত লৈলন্ত ৰাজা একান্ত শৰণ॥
কতো দিন থাকি দুয়ো সখি আসিলন্ত।
শঙ্কৰৰ আগে সৱে কথা কহিলন্ত॥ ৬৭১
শঙ্কৰে আশ্বাসি দুইৰো বচনে তুষিলা।
গণক কুঞ্চিত আসি নিবাস কৰিল॥
দিন ভৈলে শঙ্কৰৰ পাশক আসন্ত।
ৰাত্ৰি ভৈলে মাধৱ হিতে থাকন্ত॥ ৬৭২
ভয়ে শঙ্কৰত কথা নোসোধে ভকতে।
সোধে মাধৱত কথা মহা হৰিষতে॥