পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৫
৺শঙ্কৰদেৱ।

আজি আউৰ এড়াইতে নপাৰা মোৰ হাত।
মহা পুৰুষে যে সখি কৰাইলা সাক্ষাত॥ ৬৬৩
শঙ্কৰে বুলিলা পাচে চাহি মাধৱক।
শাস্ত্ৰ চাহি বুঝাই কহ পণ্ডিত সৱক॥
মূৰ্খক বুঝাইবা কথা কহি নাৰায়ণ।
বিলম্ব নকৰি লৰি যায়ো এতিক্ষণ॥ ৬৬৪
শুনি দুয়ো সখি ততকালে উঠিলন্ত।
নমস্কাৰ কৰি শীঘ্ৰ বেগে লৰিলন্ত॥
অনন্তৰে পাইলা যাই ৰাজাৰ দুৱাৰ।
দেখি নৰেশ্বৰে সাদৰ বহুতৰ॥৬৬৫
কৃষ্ণত শৰণ লৈবে উদ্যম কৰিলা।
দেখি নাৰায়ণে পাচে বচন বুলিলা॥
বোলন্ত পুছোঁহো কৈয়ো ইহাৰ কাৰণ।
কি কাৰ্য্যে কৰিছা বন্দী মনুষ্য নৱজন॥ ৬৬৬
ৰাজা বোলে বৈষ্ণৱ শুনিয়ে মোৰ বাক্য।
আৰো সবে চাহিলা মোহোক বধিবাক॥
এতেকে কৰিলোঁ বন্দী কহিলোঁ সম্প্ৰতি।
বধিবোঁ পৰাণে নকৰিবোঁ আন শাস্তি॥ ৬৬৭
হেন শুনি নাৰায়ণে বচন বুলিলা।
কৃষ্ণত শৰণ নিবে যতন কৰিল॥