পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
৺শঙ্কৰদেৱ।

থিৰা যে মণ্ডল নামে গৃহস্থ আছই।
মুকুন্দ গোপাল মাধৱৰ তিনি ভাই॥৬৪৩
নাৰায়ণে তিনিয়ো জনক নিলা তথা।
ৰৈল৷ শঙ্কৰৰ মুখে শুনি হৰিকথা॥
জটিৰাম নামে এক জনক নিলন্ত।
শঙ্কৰৰ আগে তান জঁট কাটাইলন্ত॥ ৬৪৪
কাটা জঁট তুলি লৈলা ঝুলিৰ ভিতৰ।
কোনো এক দিন তাক দেখিলা শঙ্কৰ॥
কিবা বস্তু বুলিয়া পুছিলা হৰিষতে।
জঁটিৰামে বোলে জঁটা থৈয়াছোঁ ঝুলিতে॥ ৬৪৫
ব্ৰহ্মপুত্ৰতীৰ্থত পেহলাইবে মোৰ মন।
শঙ্কৰে বোলন্ত হাঁসি শুনা নাৰায়ণ॥
বাহিৰৰ জঁট জটিৰামৰ কাটাইলা॥
ভিতৰত জঁট আছে কথাক শুনিলা॥৬৪৬
কথাৰ আশয় জঁটিৰামে বুঝিলন্ত।
দেবতীৰ্থ ধৰ্ম্মত বিশ্বাস এড়িলন্ত॥
আনো যত ভকতক নাৰায়ণে পাইলা।
শঙ্কৰ দেৱৰ পাশে হৰিষে মিলাইলা॥ ৬৪৭
সবাকো সম্বোধি কথা শঙ্কৰে কহন্ত।
গোঁসাই দামোদৰে তথা কথাক শুনন্ত॥