পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
৺শঙ্কৰদেৱ।

দেখি নাৰায়ণে শঙ্কৰত পুছিলন্ত।
কহিয়োক শুনে বাপ ইহাৰ বৃত্তান্ত॥ ৬৪৮
কোন গ্ৰামে থাকন্ত ইহাৰ কিবা নাম।
মহা ধৈৰ্য্যৱন্ত মতি আতি অনুপাম॥
শঙ্কৰে বোলন্ত শুনিয়োক নাৰায়ণ।
দামোদৰ নাম এন্তে উত্তম ব্ৰাহ্মণ॥৬৪৯
কৰন্ত কিৰিষি তাত নাহি আসকতি।
কৃষ্ণৰ কথাত আন নিমজ্জিলা মতি॥
প্ৰসঙ্গত বসি কৃষ্ণ কথাক শুনন্ত।
কিৰিষি বিষয় সুখ সবে এড়িলন্ত॥ ৬৫০
আছিলেক পত্নী তেহো গৈল পৰলোক।
কিঞ্চিতেক মান মনে নকৰিলা শোক॥
এক মাসা বিত্ত আনি আমাক দিলন্ত।
পূৰ্ব্বাপৰে সুখ দুখ সবে কহিলন্ত॥ ৬৫১
মঞি বোলাঁ ইটো বিও তোমাৰো নিয়োক।
ভাল কন্যা জিজ্ঞাসিয়া বিহা কৰিয়োক॥
যিমান পাৰোঁহো মঞি হৈবোঁহো সহাই।
বোলন্ত কৰিবে বিহা মনে ইচ্ছা নাই॥৬৫২
মৰিলেক পত্নী আত আনন্দ পাইলঞ।
ভাতৃ পুত্ৰ পত্নী আছে তাক এড়িলঞ॥