পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬২
১৬২
৺শঙ্কৰদেৱ।

আমাৰ লগত চলা বড়পেটা গ্ৰামে।
শুনিয়া কোমল বাক্যে বুলিলা শ্ৰীৰামে॥ ৬৩৮
পৰৰ মুনিষ দিবোঁ বুলি আছোঁ বাক।
তাৰা এড়ি দিলে মঞি পাৰো যাইবাক॥
কেন মতে বাক্য এড়ি যাইবোঁ তজু সঙ্গে।
হাৰাইবেক ধান মন্দ বুলিবেক খঙ্গে॥ ৬৪৯
মুনিষৰ ধান নতু ঘৰক আনন্ত।
বাক্য বৃথা হুবে বুলি বচন নেৰন্ত॥
গৃহস্থে বোলন্ত কোপ নাহিক মনত।
যায়োক সত্বৰে নাৰয়ণৰ লগত॥ ৬৪০
যাইবো বাক্য বুলিলা শ্ৰীৰাম মহাৰঙ্গে।
নাৱে তুলি নিবা মোক যাইবোঁ তজু সঙ্গে॥
পৰ উপকাৰ অৰ্থে ধান কাটিলন্ত।
নাৱে তুলি নাৰায়ণে শীঘ্ৰ আনিলন্ত॥ ৬৪১
শঙ্কৰৰ পাশে গৈয়া শ্ৰীৰামে ভেন্টিলা।
কৃত্যকৃত্য ভৈলোঁ বুলি মনত মানিলা॥
নিৰাসিক নিৰপক্ষ আদি গুণ যত।
শ্ৰীৰামত আছে জানে প্ৰশংসে সমস্ত॥ ৬৪২
বিয়াসৰ পালি বলো ৰাম আছিলন্ত।
লগ পায়া নাৰায়ণে তাকো আনিলন্ত॥