পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৯
৺শঙ্কৰদেৱ।

কেতিখনে যাই  দেখে শঙ্কৰক
 হেনসে খেদ মনত।
কতোদিনে আসি  প্ৰবেশ ভৈলন্ত
 বড়পেটা নগৰত॥ ৬০৩
বড়পেটা গ্ৰাম  আতি অনুপম
 তহিতে আছা শঙ্কৰ।
তাহান গৃহত  ভৈল উপগত
 হৰিষতে বিপ্ৰবৰ॥
ভকতক পাই  বুলিলন্ত চাই
 শুনিয়ো তুমি ভকত।
দেখিবাক লাগি  আসি আছোঁ আমি
 কৈয়ো গৈয়া শঙ্কৰত॥৬০৪
ভকতে কহিলা  শঙ্কৰো আসিলা
 মনত পৰম তুষ্টি।
দেখি শঙ্কৰক  ৰঙ্গে বিপ্ৰ বৰে
 ধৰিলা আসি সাবটি॥
শৰীৰৰ ৰোম  ভৈল উৰ্দ্ধগামী
 বহে নয়নৰ জল।
গদগদ বাক্যে  বোলন্ত দেখিলোঁ
 কৰিলোঁ জন্ম সফল॥ ৬০৫