পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫০
১৫০
৺শঙ্কৰদেৱ।

লোকক কৃপাযে হৰি ভৈলন্ত বেকত।
হৰি ভক্তি দান দিয়া তাৰিলা জগত॥৫৯৯
হেন প্ৰাণ বন্ধু কৃষ্ণ দৈৱকী তনয়।
মঞি অধমত প্ৰভু হুয়োক সদয়॥
মহা জ্ঞান শূন্য মঞি মূৰ্খত প্ৰধান।
শঙ্কৰ চৰিত্ৰ পদে কৰিলোঁ ব্যাখ্যান॥৬০০
হৌক আদৰণি পদ মহন্ত সবাৰ।
কৃষ্ণৰ কৃপাত হৌক জগতে প্ৰচাৰ॥
মহা পুৰুষৰ লীলা অমৃত সাগৰ।
শুনা সভাসদ কৰ্ণ ভৰি নিৰন্তৰ॥৬০১
নমো নমো কৃষ্ণ প্ৰভু অগতিৰ গতি।
তোমাৰ চৰণে মোৰ নিমজ্জোক মতি॥
বচনে নেড়োক সদা তজু গুণ নাম।
নিস্তৰো তেবেসে বোলা ৰাম ৰাম ৰাম। ৬০২

কণ্ঠ ভূষণ ভৈল ৰঙ্গ মন
 পায়া পুথি ৰত্নাৱলী।
শঙ্কৰ দেৱক দেখিবাক মন
 শীঘ্ৰ বেগে আসে চলি॥