পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
৺শঙ্কৰদেৱ।

কণ্ঠ ভূষণে পঢ়িলন্ত সবাতো আগে।
পঞ্চিশে চল্লিশে শ্লোক তোলা একেলগে॥ ৫৮৪
শুনি সন্ন্যাসীৰ মহা বিস্ময় মনত।
তোমাৰ বাক্যত তেবে পঢ়ো ভাগৱত॥
কণ্ঠ ভূষণে শুনিয়া হৰিষে কহন্ত।
আমাৰ ৰাজ্যত এক বৈষ্ণব আছন্ত॥ ৫৮৫
ভাগৱত শাস্ত্ৰ তেন্তে কৰিয়া বিচাৰ।
পদবন্ধে ভাগৱত কৰিলা প্ৰচাৰ॥
স্ত্ৰীয়ে শূদ্ৰে গৱে শুনে পৰম আনন্দে।
পৰম বিস্ময়ে মাতিলন্ত ব্ৰহ্মানন্দে॥৫৮৬
তান কিবা নাম কহা যে কণ্ঠ ভূষণ।
কেন বা কৰিছা পদ শুনো দিয়া মন॥
কণ্ঠ ভূষণে পদ গাইবাক লৈলন্ত।
অশ্বত্থ মূলত বসি আছ ভগৱন্ত॥ ৫৮৭
ভকতিৰ তত্ত্ব কহিলন্ত উদ্ধৱত।
যাক হৰি কহি আছ৷ ব্ৰহ্মাৰ আগত॥
মহা ভাগৱত কথা একাদশ স্কন্ধ।
পৰম সন্তোষ ভৈলা শুনি ব্ৰহ্মানন্দ॥ ৫৮৮
কণ্ঠভূষণে পদ গাইলন্ত হৰিষে।
সবাৰো মনত যেন অমৃত বৰিষে॥