পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
৺শঙ্কৰদেৱ।

যত মুখ্য পাণ্ডা সবে দেখি শঙ্কৰক।
কৰিলা সৎকাৰ দিয়া মহা প্ৰসাদক॥৫৭৯
ভকত গণৰ সঙ্গে ৰঙ্গে ভুঞ্জিলন্ত।
পৰম আনন্দে কতোদিন বঞ্চিলন্ত।
জগন্নাথ প্ৰণময় বিদায় কৰিল।
মুখ্য পাণ্ডা সবে আসি আগবঢ়াই থৈল॥ ৫৮০
পুনু নিজ গৃহে আসি পাইলন্ত শঙ্কৰ।
মিলিল আনন্দ দেখি বন্ধু সমস্তৰ॥
পূৰ্ব্বৱতে কৃষ্ণকথা সৱে পাতিলন্ত।
সমস্তে ভকত সমে ৰঙ্গে ৰহিলন্ত॥ ৫৮১
শুনা সাধুজন কথা আত অনন্তৰ।
যেন মনে বংশাৱলী পাইলন্ত শঙ্কৰ।
পৰম পণ্ডিত নাম কণ্ঠ যে ভূষণ।
বেদান্ত পঢ়িবে গৈলা বাৰাণশী থান॥৫৮২
আছন্ত সন্ন্যাসী তান নাম ব্ৰহ্মানন্দ।
বেদান্ত পঢ়ান্ত তথা কৰিয়া আনন্দ॥
ষাঠি যে সওৰি ছাত্ৰে বেদান্ত পঢ়য়।
ভাগৱত শাস্ত্ৰৰ প্ৰসঙ্গ ভৈলা তয়॥৫৮৩
ব্ৰহ্মানন্দে ভাগৱত শ্লোক তুলিলন্ত।
নিশবদে ছাত্ৰ সবে শুনিয়া আছন্ত॥