পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
৺শঙ্কৰদেৱ।

সন্ন্যাসী পুছিলা কণ্ঠ ভূষণত পাচে।
মহা পুৰুষ সিটো কোন দিশে আছে॥ ৫৮৯
কোন ৰূপে দেখা দিয়া আছন্ত লোকত।
স্বৰূপ কৰিয়া কহা মোহোৰ আগত॥
কণ্ঠ ভূষণে শুনিয়া কহিলা সমস্ত।
ৰূপ গুণ ধৈয্য শাস্ত্ৰপৰাক্ৰম যত॥ ৫৯০
যি দিশে আছন্ত সিটো দিশ দেখাইলন্ত।
মনত হৰিষে পাচে সন্ন্যাসী বোলন্ত॥
কণঠ ভূষণ শুনা মোহোৰ বচন।
মহা পুৰুষৰ যেন কহিলা লক্ষণ॥৫৯১
দুই খানি হস্ত মাত্ৰ দেখাইলা লোকত।
গুপ্ত কৰি থাকিলন্ত আউৰ দুই হস্ত॥
যি দিশত আছা মহা পুৰুষ শঙ্কৰ।
সি দিশক সন্ন্যাসী কৰিলা নমস্কাৰ॥৫৯২
নমস্কাৰ কৰি মহা মান্য কৰিলন্ত।
কণ্ঠ ভূষণক পাচে বাক্য বুলিলন্ত॥
হেনয় পুৰুষ পাই কি কাৰ্য্যে এড়িলা।
বেদান্ত পঢ়িবে তুমি কি কাৰ্য্যে আসিলা॥ ৫৯৩
সমস্ত বেদান্ত সাৰ শীৰিভাগৱত।
যাহাৰ মিলিল ৰতি ইহাৰ ৰসত॥