এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
৺শঙ্কৰদেৱ।
কৃষ্ণশঙ্কৰৰ কিঞ্চিতেক নাহি ভেদ।
দুয়ো কথা কৱে পাতেকৰ কন্ধ ছেদ॥ ৫৩
বৈষ্ণবেসে বিষ্ণু জানা কলিৰ মধ্যত।
বিশেষ বুলিয়া হৰি কৈলা অৰ্জ্জুনত॥
হে প্ৰাণবন্ধু কৃষ্ণ যে অনন্ত দৈত্যাৰি।
দেখিয়োক যেন মঞি মহা অহঙ্কাৰী॥ ৫৪
উত্তম ব্ৰাহ্মণ কুলে জন্মক লভিলোঁ।
শাস্ত্ৰ নপঢ়িয়া মহা মুখাধন ভৈলোঁ॥
মূঢ়মতি জ্ঞানশূন্য নাহি মাতে পৰ।
মনে ইচ্ছা বৰ্ণাইতে চৰিত্ৰ শঙ্কৰৰ॥ ৫৫
নুহি শ্লোক বন্ধে আক পদে নিবন্ধিব।
নাহিকে আৰিধি তাক চাহিয়া লিখিব॥
শুনা কথা কতো পৰে নপৰে মনত।
হোৱে আগপাচ মোৰ বৃদ্ধিৰ দোষত॥ ৫৬
ভকত বিপ্ৰক প্ৰতি নমস্কাৰ মোৰ।
সাধু সমস্তক বোলে কৰি কৰজোৰ॥
ইসব দোষক মোৰ কৰি উপসাম।
কহে দ্বীজ ভূষণে পুযিয়ো ৰাম ৰাম॥ ৫৭
⸻০⸻