পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
৺শঙ্কৰদেৱ।

দুই খান ঠগিত দুই পুস্তক থৱন্ত।
দুগোটা সম্ফুৰা ভৰি তাম্বুল লৱন্ত॥ ৪৮
ডাহনৰ সম্ফুৰাক ভুঞ্জি তাম্বুলক।
ঠগিৰ পুস্তক মেলি পঢ়ন্ত শ্লোকক॥
তেন মতে বামবো পুস্তক মেলি চান্ত।
প্ৰভাতে উঠিয়া পুনু ছাত্ৰশালি যান্ত॥ ৪৯
ব্যাকৰ্ণ পঢ়িয়া চৈধ্য শাস্ত্ৰক পঢ়িলা।
পুৰাণ ভাৰত ৰামায়ণো বখানিলা।
পঢ়িলন্ত নিৰন্তৰে যত কাব্য কোষ।
গুৰুৰ মনত মহা পৰম সন্তোষ॥ ৫০
কুসুমৰো ৰঙ্গ পুত্ৰ পণ্ডিত ভৈলন্ত।
গুৰুক আপুন গৃহে মতাই অনাইলন্ত॥
ভোজন কৰায়া গুৰু দক্ষিণাক দিলা।
বসনে ভূষণে তান মন সন্তোষিলা। ৫১
শঙ্কৰে গুৰুক পাচে প্ৰণাম কৰিলা
বিজয় পণ্ডিতমস্ত আশীৰ্ব্বাদ দিলা।
আশীৰ্ব্বাদ কৰি গুৰু গৈলা নিজ ঘৰ।
শুনিয়োক কথা আবে আত অনন্তৰ॥ ৫২
শুনা সভাসদ পদ থিৰ কৰি চিত।
কলিমল বিমোচন শঙ্কৰ চৰিত।