সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
৺শঙ্কৰদেৱ।

শ্ৰীমন্ত শঙ্কৰ গৌৰ কলেৱৰ
 চন্দ্ৰৰ যেন আভাষ।
বৃহস্পতি সম পণ্ডিত উত্তম
 যেন সূৰ পৰকাশ।
ছত্ৰাকৃত মাথা শোভে কেশ তাত
 কপোল সুসম আতি।
নাসিকা সন্দৰ ৰাতুল অধৰ
 দশন মুকুতা পান্তি॥ ৫৮
পদ্ম পুষ্প সম বদন প্ৰকাশে
 সুন্দৰ ইষত হাসি।
গম্ভীৰ বচন মধু যেন স্ৰবৈ
 নয়ন পঙ্কজ পাসি॥
কৰ্ণ দুইখান পৰম সুঠান
 প্ৰকাশে হেম কুণ্ডল।
গল কন্ধ কণ্ঠ সুন্দৰ চিবুক
 বহল এ বক্ষস্থল॥ ৫৯
আজানু লম্বিত দুই খান ভুজ
 সুন্দৰ পৰম পুষ্টি।
সুবৰ্ণৰ হাড় বলয়া অঙ্গুষ্ঠি
 দেখন্তে মন সন্তুষ্ট॥