পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
৺শঙ্কৰদেৱ।

তুমি মহা মহন্তক দৰশন ভৈলোঁ।
দেবত তীৰ্থতো ফল আধিক লভিলোঁ॥ ৫৩৯
মঞি বোলোঁ গুৰু শুনিয়োক ভট্টাচাৰ্য্য।
তোমাক মাতিলোঁ গুৰু কৰা এহি কাৰ্য্য॥
সবাতে আধিক তুমি পণ্ডিত গহন।
তজু মুখে গীতা শুনিবাক আছে মন॥ ৫৪০
পুণ্য মাঘ মাস আসি পাইলকে সন্নিত।
একৰূপ গীতা শুনিবাক আছে চিত্ত॥
শুনি ব্ৰহ্মানন্দে পাচে বুলিলা বচন।
সীতা শাস্ত্ৰ পঢ়িবাক মোৰো আছে মন॥৫৪১
বুলিলোঁহো পাচে মঞি লোকক শুনাই।
কিছো দক্ষিণাক আগে দিবাক যুৱাই॥
যাৰ যেন শক্য পাৰা বিত্ত আনি দয়ো।
পঢ়িবন্ত গীতা শাস্ত্ৰ সবেয়ো শুনিয়ো॥ ৫৪২
দক্ষিণ হস্তক পাতি লন্ত ব্ৰহ্মানন্দে।
দিবেক লাগিলা বিত্ত মনত আনন্দে॥
কতো এক তোলা বতে তিনি মসা বিত।
অৰ্দ্ধ তোলা তুচ্ছ নাহি দেন্ত ৰঙ্গ চিত্ত॥৫৪৩
তেখনে পাইলেক বিপ্ৰে বিত্ত এক পুষ।
বিত্ত পাই চিত্ত কৰে উলুষ-মানুষ॥