পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
৺শঙ্কৰদেৱ।

দিলোঁহো তাম্বুল গুৰু গৃহে চলি গৈলা।
আছন্ত অন্ধক পিতৃ সমীপ চাপিলা॥ ৫৪৪
শুনিয়োক পিতা কহোঁ এক অভিপ্ৰাই।
শঙ্কৰে নিলন্ত আজি আমাক মতাই॥
গীতা পঢ়িবাৰ অৰ্থে বিত্ত দিলা মোক।
হাত ফুৰাই আমাৰ হাতত দেখিয়োক॥ ৫৪৫
শুনি বাপ খনে হাত হাতত দিলন্ত।
বহু বিত্ত পাই হাতে লৱন্ত-থৱন্ত॥
বিস্তৰ বিত্তক পাই হৰিষিত মন।
ব্ৰহ্মানন্দক যে পাচে বুলিলা বচন॥ ৫৪৬
যত খানি বিত্ত তুমি দেখাইলা আমাক।
কুৰি গুটি পণ্ঠা কটাইলে নপাই আক॥
দুখৰূপ কৰ্ম্ম যত সবে পৰিহৰা।
শঙ্কৰে বোলন্ত যিবা সেহি বাক্য কৰা॥ ৫৪৭
পঢ়িলন্ত গীতা গুৰু মহা ৰঙ্গ মনে।
পৰম হৰিষে শুনিলন্ত সৰ্ব্বজনে॥
গীতা সাঙ্গ কৰিয়া খোজন্ত যাইবাক।
পূৰ্ব্ব মতে বিত্ত দিয়া বুলিলন্ত বাক॥৫৪৮
পঢ়িলাহা গীতা শাস্ত্ৰ কৃষ্ণৰ বচন।
গীতাৰ শকতি কৈলা একান্ত শৰণ॥