পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
৺শঙ্কৰদেৱ।

ভকতক কেশে ধৰে চৰণে মাৰয়।
গালত চৱৰ মাৰে বচনে নিন্দয়॥ ৫৩৪
তাৰ প্ৰায়শ্চিত্ত নাহি জানিবা সম্প্ৰতি।
নৰক ভুঞ্জিয়া হুইব দূতৰ সঙ্গতি॥
সাত তন্ত্ৰে মহেশত কহিছা নাৰদত।
নুহিকে অন্যথা ইটো শাস্ত্ৰৰ সন্মত॥ ৫৩৫
অভক্তৰ ধনে দেই মহা দুৰ্গতিক।
ধন গৰ্ব্বে কদাচিতো নভজে হৰিক॥
ভোগ ঐশ্বৰ্য্যে অন্ধ হুয়া অতিশয়।
যেন জীৰ্ণ গৰু পঙ্কে পড়িয়া মৰয়॥৫৩৬
ভকতৰ ধনে হোৱে ভক্তিৰ সাধন।
পূৰ্ব্ব এক কথা কহোঁ শুনা দিয়া মন॥
ব্ৰহ্মানন্দ আদি কৰি পণ্ডিত সমস্ত।
কদাচিতো নুহি তাৰা কৃষ্ণত ভকত॥৫৩৭
কিমতে কৃষ্ণক ভজে চিন্তিলোঁ উপাই।
এক দিনা ব্ৰাহ্মণক আনিলো মতই॥
আসিলত গুৰু বৰ লভিলোঁ আনন্দ।
দিয়াইলোঁ আসন বসিলন্ত ব্ৰহ্মানন্দ॥ ৫৩৮
ব্ৰাহ্মণ বদতি তুমি শুনিয়ো শঙ্কৰ।
কি কাৰ্য্য সাধিবে লাগে কহিয়ো সত্বৰ॥