পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
১৩৬
৺শঙ্কৰদেৱ।

যতেক পুৰাণ আছে ধৰ্ম্ম শাস্ত্ৰ যত।
ডাক চাৰি শুনাৱয় সমস্তে লোকত॥ ৫২৯
একাদশী দিনা অন্ন ভোজন সম্প্ৰতি।
নকৰিব নকৰিব সবাৰে৷ সন্মতি॥
সহস্ৰেক জন্ম উপজয় শগুণত।
শত জন্ম মানে উপজয় শূকৰত॥ ৫৩০
কুকুৰৰ গৰ্ভে দশ জন্ম উপজয়।
অমাবস্যা যিটো নিশি ভোজন কৰয়॥
বিষ্ণু নিবেদিত নুহি অভক্তৰ অন্ন।
যেন কুকুৰৰ মাংস ভুঞ্জে যিটোজন। ৫৩১
পত্ৰ পুষ্প ফল ফুল আদি দ্ৰব্য যত।
গোবিন্দত নিবেদিবে শাস্ত্ৰৰ সন্মত॥
নিবেদন নকৰিয়া ভুঞ্জয় সাদৰি।
নাৰকী যোনীত উপজয় মৰি মৰি॥ ৫৩২
বিষ্ণু ভকতৰ ধন হৰে যিটো জন।
কৰয় প্ৰহাৰ আৰো কৰি ক্ৰোধ মন॥
দুই গুণ ধন দিয়া চৰণে কৰিব।
পীৰিতি বচনে বহু কাতৰ কৰিব॥ ৫৩৩
সিজনেসে ক্ষমা দিলে দোষ ক্ষমা যায়।
আৰ মতে নাহি তাৰ ৰক্ষাৰ উপায়॥