পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
৺শঙ্কৰদেৱ।

মাধৱক খঙ্গিবাৰ দেখি সমস্তৰে।
হৃদয় কম্পিত ভৈলা শঙ্কৰক ডৰে॥ ৫২৪
ক্ষেণিতেক থাকি পাচে সমুখ ভৈলন্ত।
মাধৱক প্ৰতি ক্ৰোধমন এড়িলন্ত॥
মাধৱক মাতি শিক্ষা দেন্ত সমস্তক।
প্ৰসন্ন বদনে বুলিলন্ত মাধৱক॥ ৫২৫
শুনিয়ো মাধৱ তুমি মোহোৰ বচন।
একাদশী দিনে একো নকৰি ভোজন॥
নিৰাহাৰ হুয়া কৃষ্ণ কথাক শুনয়।
পাপত মুকুত হুয়া মুকুতি পাৱয়॥৫২৬
ব্ৰহ্মবধ সুৰাপান গুৰুদাৰা হৰে।
ব্ৰাহ্মণৰ সুবৰ্ণক যিটো চুৰি কৰে॥
আনো যত পাপ আছে সমস্তে কৰয়।
কিন্তু তাৰ প্ৰায়শ্চিত্ত বিহিয়া আছয়॥ ৫২৭
একাদশী দিনা অন্ন ভুঞ্জয় সম্প্ৰতি।
ব্ৰহ্ম বৈবৰ্ত্তে কহে নাহিক নিষ্কৃতি॥
কূৰ্ম্ম পুৰাণত আৰো কহিয়া আছয়।
যেন শুক্লা তেন কৃষ্ণা সমতুল্য হয়॥৫২৮
ইহাক বিভেদ যিটো কৰয় সম্প্ৰতি।
মৰিয়া বিষ্ঠাৰ পলু হুইবেক সম্প্ৰতি॥