সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
১৩৪
৺শঙ্কৰদেৱ।

সবাকে চাহিয়া কথা কহন্ত শঙ্কৰ।
দেখন্ত সবাৰো মুখ কিঞ্চিত ঝামৰ॥ ৫১৯
মাধৱৰ মুখ দেখি কিঞ্চিত প্ৰসন্ন।
অল্প হাস্য কৰি পাচে বুলিলা বচন॥
ওবা মাধৱ তুমি কহিয়ো সাক্ষাত।
সম্প্ৰতিক এক কথা পুছোঁহো তোমাত॥৫২০
তিথি একাদশী আজি সবেত্ত জানয়।
নিৰাহাৰে কৃষ্ণকথা শুনিতে লাগয়॥
মোৰ বদন দেখোঁ কিঞ্চিত প্ৰসন্ন।
অনুমানে জানো কিছো কৰিছা ভোজন॥ ৫২১
মাধৱে বোলন্ত কালি গৈলোঁ পৰ বেলা।
গধূলিকা ভোজনক কৰিলোঁহো হেলা॥
প্ৰভাতৰ প্ৰসঙ্গ শুনিয়া আজি গৈলোঁ।
মধ্যাহ্ন সময়ে আসিবাক সাজ ভৈলোঁ। ৫২২
উৰ্দ্ধক চাহিলোঁ বেলি ভৈল নৱ ঘণ্টি।
ক্ষুধায়ে পীড়িল যেন প্ৰাণ যাই ফুণ্টি॥
শুখাই ওঠ কণ্ঠ মঞি ভৈলো বড় আউল।
পানী সমে গিলিলোঁহো এক পোসা চাউল॥ ৫২
শুনিয়া শঙ্কৰে আতি কৰি ক্ৰোধ দৃষ্টি।
নচাওঁ মুখ বুলি উলটিয়া দিল পিঠি॥