পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২১
৺শঙ্কৰদেৱ।

মাসেকতোধিক দিন   আঠ দশ মানে আগে
 সব দ্ৰব্য আছয় লগত॥
তজু আজ্ঞা শিৰে লৈবোঁ   গৃহক চলিয়া যাইবোঁ
 পূৰ্ব্বৰ স্বভাৱ দূৰ কৰি।
তোমাৰ পুস্তক আগে   থৈয়া সব পৰিয়াৰে
 নমস্কাৰ কৰিোঁ সাদৰি॥ ৪৯১
এহি বুলি উঠি গৈলা   সৰিসা ধানৰ চাউল
 তিনি দোণে পূৰা বান্ধিছন্ত।
কান্ধত কৰিয়া আনি   শঙ্কৰ দেৱৰ আগে
 দিয়া নমস্কাৰ কৰিলন্ত॥
শঙ্কৰে বোলন্ত মাতি   শুনিয়োক নাৰায়ণ
 একো দ্ৰব্য নলাগে আমাক।
সমস্তে দ্ৰব্যক পাইলোঁ   পৰম সন্তোষ ভৈলোঁ
 যেতিক্ষণ লভিলোঁ তোমাক॥ ৪৯২
ভাল সাধু বুদ্ধি তজু   গৃহক চলিয়া যায়ো
 অল্প দিন গৃহত থাকিবা।
আমি ঐত কোন খানে   ঘৰবাৰি সাজিবোঁহো
 পুনু আসি বাৰ্ত্তাক কৰিবা॥
প্ৰণামি বোলন্ত বাপ   আশীৰ্ব্বাদ কৰিয়োক
 আমাৰ দুৰ্ব্বুদ্ধি দূৰ হৌক।