এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
৺শঙ্কৰদেৱ।
বালকৰ নয় ক্ৰিয়া কৰিলোঁ আপুনে।
অজানী জনৰ দোষ ধৰি আছে কোনে॥ ৪৮৭
আনো যত মহাজন আছে ঠাই ঠাই।
মোৰ যত দোষ সৱ ক্ষমিবে ষুৱাই॥
কহে দ্ধিজ ভূষণ অজ্ঞানী শিশুমতি।
সবাকো বোলোঁহো হেৰা বুলিয়া কাকূতি॥ ৪৮৮
অধমৰ দোষ মোৰ কৰি উপশম।
নিৰন্তৰে নৰে সবে বোলা ৰাম ৰাম॥ ৪৮৯
আত আনন্তৰে কথা শুনা পাচে যেন ভৈলা
নাৰায়ণ উঠি প্ৰভাতত॥
নদী জলে স্নান কৰি প্ৰণাম কৰিলা পৰি
শঙ্কৰ দেৱৰ চৰণত॥
শঙ্কৰে আশ্বাসি তাক বুলিলা মধুৰ বাক
জানো যাইবে খোজাহা গ্ৰামক।
খাইবাৰ দ্ৰব্য বস্তু যত কিবা আছে কিবা নাই
কত দিনে পাইবাহা গৃহক॥ ৪৯০
হেন শুনি নাৰায়ণে প্ৰণামি বোলন্ত বাপ
ইটো চিন্তা নাহিকে মনত।