পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
৺শঙ্কৰদেৱ।

শীঘ্ৰে ফিৰি আসি যেন   তোমাৰ চৰণ দেখোঁ।
 এহি কৃপা কৰিয়োক মোক॥ ৪৯৩
শঙ্কৰে বোলন্ত হাসি   শুনিয়োক নাৰায়ণ
 তুমি প্ৰিয় সুহৃদ একান্ত।
যৈতে যৈতে থাকা তুমি   তজু অকল্যাণ নাহি
 যায়ো বুলি প্ৰবোধ দিলন্ত॥
তেন মতে মাধৱকো   এক পূৰা চাউল দিলা
 নমস্কাৰ কৰিতে খোজন্ত।
নমস্কাৰ কৰিবাক   নেদিলা মাধৱে হাত
 মেলিয়া তাহাঙ্ক ধৰিলন্ত॥ ৪৯৪
গদ গদ বাক্যে পাচে   বুলিলন্ত নাৰায়ণ
 দুয়ো নয়নৰ পৰে পানী।
থাকিয়োক তুমি আবে   গৃহক চলিয়া যাঞো
 গয়া মোক নেড়িবা আপুনি॥
মাধৱে আশ্বাসি তাঙ্ক   আগবঢ়াই থৈলা নিয়া
 নাৰায়ণে নাৱত চড়িলা।
শঙ্কৰৰ মাধৱৰ   গুণক কীৰ্ত্তন কৰি
 আপুনাৰ গৃহক আসিলা॥ ৪৯৫
পানীৰ বাচন দিয়া   সবে দূৰ কৰিলন্ত
 মৃত্তিকাৰ যত পাত্ৰ আছে।